পিতা-পুত্ৰৰ সংঘাতেৰে 'গান্ধী মাই ফাদাৰ'
অম্বেশ্বৰ গগৈ
পিতা-পুত্ৰৰ সংঘাত........!!
ভাৰতীয় পৰিয়ালকেন্দ্ৰিক সমাজ ব্যৱস্থাত পিতা আৰু পুত্ৰৰ সংঘাত সহজলভ্য নহয়৷ আজিৰ পৰা নটা দশকৰ আগতেই........, স্বাধীনতা যুঁজৰ সময়ৰ পিতৃকে পৰিয়ালৰ মূল বুলি ভবা এটা ভাৰতীয় পৰিয়ালত পিতৃ আৰু পুত্ৰৰ সংঘাত ব্যতিক্ৰমী ঘটনা৷ তাকো যদি সেই সংঘাত ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ পৰিয়ালত সংঘটিত হয়! হয়, জাতিৰ পিতা মহাত্মা গান্ধীৰ পৰিয়ালৰ ইতিহাসত ৰঞ্জিত হৈ আছে পিতা-পুত্ৰৰ সংঘাত৷ য'ত পিতাৰ ভূমিকা গ্ৰহণ কৰিছে মহামানৱ মহাত্মা গান্ধীয়ে আৰু পুত্ৰৰ ভূমিকা লৈছে তেওঁৰ জেষ্ঠ পুত্ৰ হৰিলাল গান্ধীয়ে৷ ভাৰতবৰ্ষৰ কোটি-কোটি জনতাই পিতৃ হিচাপে স্বীকৃতি দি তেওঁৰ আদৰ্শক বুকুত সামৰি লোৱাৰ পৰতে বৰপুত্ৰ হৰিলাল গান্ধীয়ে বিৰোধিতা কৰিছিল তেওঁক৷ হৰিলালে কৈছিল- 'আপুনি গোটেই জীৱন ভদ্ৰভাৱে আমাৰ ওপৰত অত্যাচাৰ কৰি গৈছে৷' সেয়া 1915 চনৰ কথা৷ তাৰ পিছৰপৰা 1948 চনৰ মৃত্যুৰ সময়লৈ অলেখ ভাৰসাম্যহীন কাৰ্যৰে পিতৃৰ বিৰোধিতা কৰি গ'ল বৰপুত্ৰ হৰিলালে৷ কি কৰা নাছিল হৰিলালে.....? মদ মাংসৰ পৰা নিজে দূৰত থাকি জনতাকো দূৰত থাকিবলৈ উপদেশ দিয়া পিতৃৰ পুত্ৰই অনবৰত হাতত তুলি লৈছিল মদৰ বটল, কাষত আছিল বেশ্যা আনকি পিতৃৰ আদৰ্শক সমাজত ভ্ৰষ্টৰূপে প্ৰতীয়মান কৰাবলৈকে হৰিলাল 'আব্দুল্লা' হৈছিল৷ অৰ্থাত হিন্দু ধৰ্ম ত্যাগ কৰি ইছ্লাম ধৰ্মৰে দীক্ষিত হৈছিল, কিন্তু পুনৰ ঘূৰি আহিছিল হিন্দু ধৰ্মলৈ৷ এসময়ত পিতৃক অৱহেলা কৰি মাতৃৰ বন্দনাৰে ব্যস্ত হোৱা হৰিলালে কিন্তু মৃত্যুৰ সময়ত কৈছিল তেওঁৰ পিতাকৰ নাম মোহনচাঁদ কৰমচাঁদ গান্ধী৷--মুম্বাই থিয়েটাৰত নিজস্ব বিশেষ্যৰে পৰিচিত ফিৰোজ আব্বাছ খানৰ পৰিচালনাত বলিউডলৈ নিবেদিত তেওঁৰ প্ৰথমখন কথাছবি 'গান্ধী মাই ফাদাৰ'৷ ফিৰোজ খানৰ ইতিমধ্যে দৰ্শক-সমালোচকৰ দ্বাৰা অলেখবাৰ প্ৰশংসিত নাটক 'গান্ধী ভাৰ্ছাচ গান্ধী'-ৰ চলচ্চিত্ৰৰূপেই হ'ল গান্ধী মাই ফাদাৰ৷ যোৱা 3 আগষ্ট'ৰ দিনা ভাৰতত মুক্তি প্ৰাপ্ত এই চলচ্চিত্ৰখনকলৈ (ইতিপূৰ্বে 27 জুলাইত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি) ভাৰতৰ বাহিৰে-ভিতৰে উত্কন্ঠা আছিল যথেষ্ট৷ ভাৰতবৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় চৰিত্ৰ মহামানৱ মহাত্মা গান্ধীক বিষয়বস্তু হিচাপে লৈ ইতিমধ্যে যথেষ্ঠসংখ্যক কথাছবি নিৰ্মাণ হৈ গৈছে যদিও ফিৰোজ আব্বাছ খানে উত্থাপন কৰা বিষয়টি অনন্য আৰু একক৷
আন্তঃৰাষ্টীয় পৰ্যায়ত মুক্তিৰ দিনাই ফিৰোজৰ গান্ধী মাই ফাদাৰ উপভোগ কৰি আন এক আন্তঃৰাষ্ট্ৰীয় চৰিত্ৰ নেলচন মেণ্ডেলাই সুখ প্ৰকাশ কৰিছে৷ গান্ধীভক্ত উইল স্মিথ কিছু ৰিল দেখি মুগ্ধ, তেওঁ মন্তব্য কৰিছে- 'অসাধাৰণ! পিতা-পুত্ৰৰ এই তীব্ৰ অনুভূতিময় সংঘাত অনেক দিনধৰি দেখা নাই৷' আন্তঃৰাষ্টীয় পৰ্যায়ত হোৱা উত্কন্ঠাৰ লগতে গান্ধী পৰিয়ালৰ মাজতো উত্কন্ঠাৰ তীব্ৰতা কম নাছিল৷ গান্ধীৰ নাতি বৰ্তমান পশ্চিমবঙ্গৰ ৰাজ্যপাল গোপালকৃষ্ণ গান্ধীয়ে পৰিচালকক পূৰ্বতেই সাৱধান কৰিছিল যে- 'গান্ধী ভাৰ্ছাচ গান্ধী'ৰ দৰে যেন ৰাজঘাটত মহাত্মাক সংস্কাৰ কৰাৰ দিনা 'গান্ধী মাই ফাদাৰ'তো হৰিলালক বহিষ্কাৰ কৰাৰ দৰে দৃশ্যৰ আগমন নঘটে৷ কাৰণ তেওঁৰ মতে, সেই ঘটনাৰ বিষয়ে ইতিহাস নিমাত৷ ছবিখন মুক্তিৰ পিছত দেখা গৈছে ফিৰোজে গোপালকৃষ্ণ গান্ধীৰ কথা ৰাখিছে৷ নাটকৰ সেই দৃশ্যৰ সলনি ফিৰোজে ইয়াত ব্যৱহাৰ কৰিছে এখন মিঠাই দোকানৰ দৃশ্য৷ মহাত্মাৰ মৃত্যুৰ সময়ত ভিক্ষাৰীৰ ৰূপলৈ পৰ্যবসিত হোৱা হৰিলালে মিঠাই দোকানৰ মালিক আৰু তাত থকা ৰেডিঅ'ৰ পৰা পিতৃ বিয়োগৰ বাতৰি শুনি ব্যথিত হৈছে৷ হৰিলালৰ চৰিত্ৰত অভিনয় কৰা অক্ষয় খান্নাই অসাধাৰণ অভিনয়ৰে দৰ্শকক এই দৃশ্যটিত মোহাবিষ্ট কৰি ৰাখে৷ তেওঁৰ চকুৰ ভাষা আৰু মুখৰ অপূৰ্ব ভংগীয়ে প্ৰতিষ্ঠিত অভিনেতাৰ পূৰ্ণ স্বাক্ষৰ ৰক্ষা কৰিছে৷
মহাত্মাই দেশৰ জনতাক স্বদেশী বস্ত্ৰৰ ব্যৱহাৰৰ আহবান জনাই হাতত যঁতৰ তুলি লোৱাৰ সময়তে মহাত্মা পুত্ৰই বিদেশী বস্ত্ৰৰ কাৰবাৰ আৰম্ভ কৰিছে৷ গান্ধীৰ নাম ব্যৱহাৰ কৰি পুত্ৰ হৰিলালে অলেখ লোকৰ পৰা টকা ধাৰে লৈ ওভোতাই দিয়া নাই৷ সেই সময়ত গান্ধীয়ে বাতৰি কাগজত বিবৃতি দিছে হৰিলালক যেন কোনেও মোহনচাঁদ কৰমচাঁদ গান্ধীৰ পুত্ৰ হিচাপে টকা ধাৰলৈ নিদিয়ে৷ গান্ধীভক্ত দেশ এখনৰ সাধাৰণ জনতা হিচাপে ভাৰতবৰ্ষৰ দৰ্শকে ইয়াত মহাত্মাৰ ত্ৰুটি দেখা নোপোৱাকৈ থকাটোৱেই স্বাভাৱিক৷ কিন্তু, হৰিলালৰ তেনে অৱস্থাৰ বাবে দায়ী কোন? বেৰীষ্টাৰী শিক্ষাৰে শিক্ষিত হোৱাৰ উদ্দেশ্যৰে ইংলেণ্ডলৈ যাবলৈ ওলোৱাৰ সময়ত হৰিলালৰ সন্মুখত কোন প্ৰতিবন্ধক হিচাপে ঠিয় দিছিল? বন্ধুৰ দ্বাৰা গান্ধী পৰিয়াললৈ দিয়া স্ক'লাৰশ্বিপ আনৰ অযোগ্য সন্তানক দিয়াতকৈ নিজৰ যোগ্য পুত্ৰক দিয়াহেঁতেন জানো কিবা অপৰাধ হ'লহেঁতেন?? মহাত্মাৰ মহানতাৰে আনৰ হিত সাধিবলৈ যোৱা মোহনচাঁদে সঠিক পিতৃত্বৰ দায়িত্ব বহু সময়ত ল'ব পৰা নাছিল৷ গান্ধী মাই ফাদাৰত এই বিষয় স্পষ্ট হৈছে৷ মূলতঃ হৰিলালৰ দৃষ্টিৰে নিৰ্মাণ হোৱা এই ছবিখনত বহু অকথিত কথাও প্ৰকাশ হৈছে৷ পিতৃৰ আহবানত নিজা পত্নী সন্তানক ভাৰতত এৰি থৈ ছাউথ আফ্ৰিকাত সত্যাগ্ৰহী ৰূপে জে'ললৈ যোৱা হৰিলাল জানো সঁচাকৈয়ে পিতৃ বিদ্বেষী আছিল!! পিতৃৰ প্ৰতিভাৰে সন্তানৰ প্ৰতিভা পৰোক্ষভাৱে হ'লেও অৱদমন কৰি ৰখা মহাত্মাৰ এই মানৱ্তা কি ধৰণৰ মানৱতা তাক চিন্তিবলৈ দৰ্শকৰ ওচৰত এডাল গভীৰ প্ৰশ্নবোধক চিহ্ন অংকন কৰিছে পৰিচালকে৷
গান্ধী মাই ফাদাৰক পৰিচালকে মূলতঃ নাটকীয় শৈলীৰে আগবঢ়াই নিছে৷ নাটকৰ মানুহ হিচাপে ফিৰোজ আব্বাছ খানৰ এই প্ৰভাৱ সহজাত৷ তাকে কৰিবলৈ যাওঁতে ছবিখন বহু সময়ত নাটকৰ গণ্ডীৰ মাজলৈ গুছি গৈছে৷ নাটকত এটা দৃশ্যৰ পৰা আনএটা দৃশ্যলৈ যোৱাৰ ধৰণটো গান্ধী মাই ফাদাৰতো সহজলভ্য হৈছে৷ নিজে স্ক্ৰিপ্ট আৰু সংলাপ ৰচনা কৰা পৰিচালকৰ দক্ষতা অনবদ্য যদিও সংলাপত নাটকীয় শৈলীয়ে কিছু খোকোজাৰ সৃষ্টি নকৰা নহয়৷
ছবিখনৰ গৰিষ্ঠসংখ্যক শ্বট ছাউথ আফ্ৰিকাত লোৱা হৈছে৷ ছাউথ আফ্ৰিকাৰ কুৰি শতিকাৰ প্ৰথমভাগৰ পটভূমি অংকন কৰাত পৰিচালক উত্তীৰ্ণ হৈছে৷ বিশেষকৈ সেই সময়ৰ ছাউথ আফ্ৰিকাৰ আদালত, আইন ব্যৱস্থা, তাত ভাৰতীয়লোকৰ অৱস্থান আৰু বগা ছালৰ লোকৰ সামাজিক গোড়ামীৰ ছবি গান্ধী মাই ফাদাৰত সেই সময়ৰ ৰূপতে অংকন হৈছে৷ ছিনেমেট্ৰোগ্ৰাফাৰ ৰূপে কাম কৰা ডেভিদ মেকড'নাল্ডৰ কাম প্ৰশংসনীয়৷ ছাউথ আফ্ৰিকাৰ পটভূমিত লোৱা দুটা মানবিশিষ্ট লং শ্বটে যিকোনো দৰ্শকৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ দৰে মহাত্মা আৰু কস্তুৰুবাৰ মুখ ধৰি ৰখা এক্সক্লুচিভ শ্বট দুটাৰ বাবেও প্ৰশংসাৰযোগ্য মেকড'নাল্ড৷
ছবিখনৰ বিষয়বস্তুৰ গভীৰতা দেখি প্ৰথমে হৰিলালৰ চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল এই সময়ৰ আটাইতকৈ শ্ৰেষ্ঠ অভিনেতা হিচাপে পৰিচিত আমীৰ খানে৷ আনকি, ছবিখন প্ৰযোজনা কৰিবলৈও আগ্ৰহ প্ৰকাশ কৰিছিল প্ৰতিষ্ঠিত প্ৰডাকচন গোষ্ঠী 'যশৰাজ'-এ৷ কিন্তু হাত উজান দি প্ৰযোজনা কৰিলে অভিনেতা অনিল কাপুৰে৷ তেওঁ গান্ধী আৰু হৰিলালৰ কাহিনীক ইতিমধ্যে ‘গান্ধী ভাৰ্ছাচ গান্ধী'-ত দেখি মোহাবিষ্ট হৈ ছবিখনৰ বাবে আগবাঢ়িলো বুলি মন্তব্য কৰিছে, আনকি প্ৰযোজকজনে কোনো লাভ লোকচানৰ কথা ভাবি ছবিখন নিৰ্মাণ কৰা হোৱা নাই বুলিও সংবাদ মাধ্যমক জনাইছে৷ আমীৰৰ প্ৰত্যাশিত চৰিত্ৰটো অক্ষয় খান্নাই প্ৰযোজকৰ অনুৰোধতহে লাভ কৰিলে, কিন্তু তাৰ বাবে অভিনেতাজনে পৰিচালকৰ অলেখ পৰীক্ষাত উৰ্ত্তীৰ্ণ হ'ব লগা হৈছিল৷ ছবিখন চোৱাৰ পিছত দৰ্শকৰ অনুভৱ হ'ব যে অক্ষয় খান্নাৰ চয়নো ভুল নাছিল৷ গান্ধীৰ চৰিত্ৰত অভিনয় কৰা দৰ্শন জাৰিৱালাৰ অভিনয়ো মানবিশিষ্ট৷ কস্তৰুবা চৰিত্ৰ ৰূপায়ণ কৰা শেফালী শ্বাহ আৰু গোলাব(হৰিলালৰ পত্নী)ৰ চৰিত্ৰত অভিনয় কৰা ভূমিকা চাওলাৰ অভিনয় যথাযথ৷
পীয়ূস কানোজিয়াই দিয়া সংগীত গান্ধী মাই ফাদাৰৰ যোগাত্মক দিশ৷ মূলতঃ গুজৰাটী লোক সংগীত আধাৰিত ছবিখনৰ পশ্চিমীয়া সংগীতৰ সংমিশ্ৰনো পোৱা যায়৷ হিন্দী ছবিত ইয়াৰ আগতেই গুজৰাটী লোকসংগীতৰ ব্যৱহাৰ হৈছিল যদিও গান্ধী মাই ফাদাৰত ইয়াৰ প্ৰয়োগ অনন্য৷
অৱশ্যে সকলো দিশেৰেই মান ৰক্ষা কৰিবলৈ সক্ষম হোৱা ছবিখনক ভাৰতীয় দৰ্শকে বৰ্তমানলৈ পৰ্যাপ্ত পৰিমানে সমৰ্থন জনোৱা নাই৷ ব্যৱসায়িক দৃষ্টিভংগীৰে নিৰ্মাণ নোহোৱা জাতীয়তাবাদী সংগ্ৰামৰ সকলোতকৈ বিতৰ্কিত পিতা-পুত্ৰৰ সম্পৰ্কক ভাৰতীয় দৰ্শকৰ সন্মুখত যি ৰূপত পৰিচালকে তুলি ধৰিবলৈ চেষ্টা কৰিছিল তাতো দৰ্শকে আশানুৰূপ সঁহাৰি জনোৱা নাই৷ অভিনেতা অনিল কাপুৰ পৰিচালক অনিল কাপুৰ হ’বলৈ যোৱা এই বিবৰ্তনৰ সাক্ষী “গান্ধী মাই ফাদাৰ”-ৰ নিৰ্মাণৰ উদ্দেশ্যও আছিল অস্কাৰৰ নমিনেচন৷ কিন্তু ইতিমধ্যে সেই আশাও নিৰ্বাপিত কৰিছে বিধো বিনোদ চোপ্ৰাৰ “একলব্য”ই৷ কিন্তু, এনেবোৰ বিফলতা অতিক্ৰম কৰিও গান্ধী মাই ফাদাৰে এচাম সচেতন ভাৰতীয় দৰ্শকক সন্মোহন কৰিবলৈ সক্ষম হৈছে, আৰু এজন মানবিশিষ্ট পৰিচালকৰ উত্তৰণৰ বাবে আব্বাচ্চ খানৰ বাবে এয়াই হৈছে ভাৰতীয় দৰ্শকৰ শ্ৰেষ্ঠ উপহাৰ৷

লোড হচ্ছে...